have eternal life


শাশ্বত জীৱন পাইছেনে?

শাশ্বত জীৱন লাভ কৰিবলৈ বাইবেলে এক পৰিষ্কাৰ পথ আগবঢ়াইছে। প্রথমে আমি মানি লব লাগিব যে আমি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিছো: "কাৰণ সকলোৱে পাপ কৰিছে আৰু ঈশ্বৰৰ মহত্ত্বৰ কাষ চাপিব পৰা নাই (ৰোমানচ 3:23)। আমি ঈশ্বৰে বেয়া পোৱা কাম কৰিছো, যাৰ বাবে আমি শাস্তিৰ যোগ্য। যিহেতু আমাৰ সকলো পাপেই শাশ্বত ঈশ্বৰৰ বিৰুদ্ধে, তাৰ বাবে শাশ্বত শাস্তিহে উপযুক্ত হ'ব। পাপৰ মূল্য হৈছে মৃত্যু, কিন্তু আমাৰ প্রভু যীশুৰ মাজেৰে ঈশ্বৰে আমাক শাশ্বত জীৱন উপহাৰ দিছে" (ৰোমানচ 6:23)।

কিন্তু, পাপহীন যীশু (1 পিটাৰ 1:22), ঈশ্বৰৰ এজন শাশ্বত পুত্র মানুহ হৈ গ'ল (জন 1:1:14) আৰু আমাৰ পাপৰ প্রায়শ্চিত কৰিবলৈ মৃত্যু বৰণ কৰিলে। "ঈশ্বৰে আমাৰ প্রতি থকা তেওঁৰ ভালপোৱা এইদৰে প্রকাশ কৰিলে: যেতিয়া আমি পাপী হৈ পৰিছিলো, যীশুৱে আমাৰ বাবে প্রাণ দিলে (ৰোমানচ 5:8)। যীশুৰে ক্রুছত প্রাণ দিলে (জন 19:31-42), আমি কৰা পাপৰ শাস্তি তেওঁ গাত পাতি ললে (2 কৰিনথিয়াচ 5:21)। তিনি দিনৰ পিছত কবৰৰ পৰা তেওঁৰ উত্থান হ'ল (1 কৰিনথিয়াচ 15:1-4), তেনেদৰেই তেওঁ পাপ আৰু মৃত্যুৰ বিৰুদ্ধে জয়লাভ কৰিলে। মৃত্যুৰ পিছত পুনৰুত্থানৰ মাজেৰে যীশুৱে তেওঁৰ এই মহান দয়াৰ মাজেৰে আমাক নতুন আৰু আশাভৰা জীৱন দান কৰিলে" (1 পিটাৰ 1:3)।

ত্রাণৰ বাবে বিশ্বাসৰ দ্বাৰা, আমি যীশুৰ বিৰুদ্ধে থকা আমাৰ মানসিকতা; তেওঁ কোন, তেওঁ কি কৰিছিল তাক সলনি কৰিব লাগিব (অ্যাক্টচ 3:19)। আমাৰ পাপৰ প্রায়শ্চিত কৰিবলৈ ক্রুছত হোৱা মৃত্যুক বিশ্বাস কৰি আমি যদি তেওঁক বিশ্বাস কৰো, আমাক ক্ষমা প্ৰদান কৰা হ'ব আৰু স্বর্গত শাশ্বত জীৱনৰ প্রতিশ্রুতি লাভ কৰিম। "যিহেতু ঈশ্বৰে পৃথিবীখন ইমানেই ভাল পায় যে তেওঁ নিজৰ একমাত্র পুত্রক প্ৰেৰণ কৰিলে।যিজনেই তেওঁক বিশ্বাস কৰিব তেওঁ ধ্বংস নহ'ব, বৰঞ্চ শাশ্বত জীৱন লাভ কৰিব (জন 3:16)। "যদি তুমি নিজ মুখে স্বীকাৰ কৰা, 'যীশু আমাৰ প্রভু,' আৰু বিশ্বাস কৰা যে ঈশ্বৰে তেওঁক মৃত্যুৰ পৰা পুনর্জন্ম দিলে, তুমি মুক্তি লাভ কৰিবা" (ৰোমানচ 10:9)। ক্রুছৰ ওপৰত তেওঁ সম্পূর্ণ কৰা কার্যৰ ওপৰত বিশ্বাস কৰাই শাশ্বত জীৱনৰ একমাত্র পথ! "কাৰণ কেৱল কৰুণাৰ বাবেহে আপুনি মুক্তি লাভ কৰিছে, আৰু ই আপোনাৰ নিজৰ বাবে হোৱা নাই, বিশ্বাসৰ বাবেহে হৈছে, ই কৰ্মৰ বাবে হোৱা নাই, এয়া ঈশ্বৰৰ উপহাৰ যাৰ বাবে কোনেও অহংকাৰ কৰিব নোৱাৰে" (ইফেচিয়ানচ 2:8-9)।

যদি আপুনি যীশুক নিজৰ ত্রাণকর্তা ৰূপে গ্রহণ কৰে, এইয়া প্রার্থনাৰ এটা নমুনা ইয়াত দিয়া আছে। মনত ৰাখিব, এইটো বা আন এটা প্রার্থনা কৰিলেই আপুনি মুক্তি লাভ কৰিব নোৱাৰে। কেৱল যীশুক বিশ্বাস কৰিলেহে পাপৰ পৰা মুক্তি লাভ কৰিব। এই প্রার্থনাটোৰ দ্বাৰা ঈশ্বৰৰ ওপৰত থকা আপোনাৰ বিশ্বাস প্রকাশ কৰিব পাৰিব আৰু আপোনাক মুক্তি দান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব।

হে ঈশ্বৰ, মই জানো যে মই তোমাৰ বিৰুদ্ধে পাপ কৰিছো আৰু মই শাস্তিৰ প্রাপ্য। কিন্তু যীশুৱে মোৰ প্রাপ্য শাস্তি নিজে গাত পাতি ললে যাতে তেওঁৰ মাজেৰেই মই ক্ষমা লাভ কৰিব পাৰো। মই মোৰ মুক্তিৰ বাবে তোমাৰ ওপৰত বিশ্বাস আনিছো। তোমাৰ অত্যুত্তম কৰুণা আৰু ক্ষমাৰ বাবে ধন্যবাদ – এয়া শাশ্বত জীৱনৰ উপহাৰ! আমেন!"




AMAZING GRACE BIBLE INSTITUTE